ডিজিটেল ডেস্ক, ANEWS24X7: তালিবান চৰকাৰে নিষিদ্ধ কৰিব কেইাটাও জনপ্ৰিয় অনলাইন গেমিঙ এপৰ লগতে মনুৰঞ্জনধৰ্মী এপ ৷ এনেধৰণৰ এপ সমূহে বেয়াৰ পথলৈ নিছে আফগানিস্তানৰ যুৱ প্ৰজন্মক ৷এই দাবী কৰিছে তালিবান চৰকাৰে ৷ আফগানিস্তানৰ নিৰাপত্তা বিভাগৰ প্ৰতিনিধি আৰু শৰিয়ত আইন বিশেষজ্ঞ সকলৰে হোৱা আলোচনাৰ অন্তত টিকটক , পাবজি আদি মনুৰঞ্জনধৰ্মী এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে তালিবান চৰকাৰে ৷
অহা ৯০ দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব এই নিৰ্দেশনা ৷ তালিবানৰ মুখপাত্ৰ ইনামুলা চামংগনীয়ে কয় যে , ‘‘ যুৱকসকলক বচাবলৈ টিকটক আৰু পিইউবিজিৰ দৰে এপ সমূহ নিষিদ্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ । আফগানিস্তানৰ নিৰাপত্তা বিভাগৰ প্ৰতিনিধি আৰু শৰিয়ত আইন বিশেষজ্ঞসকলে আলোচনাত এই সমূহ এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াক ৯০ দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।’’
উল্লেখ্য যে তালিবান চৰকাৰে দেশখনত ইতিমধ্যে লক্ষাধিক ৱেবচাইট নিষিদ্ধ কৰিছে ৷
ইয়াৰ উপৰিও গান , চলচিত্ৰ চাব পৰা ৱেবছাইট , টিভি ধাৰাবাহিক আদি কৰি সকলো মনোৰঞ্জন অনুষ্ঠান চোৱা আৰু সম্প্ৰচাৰ কৰাটো নিষিদ্ধ কৰিছে ৷