ডিজিটেল ডেস্ক, ANEWS24x7: ফুটবলৰ পিছত এইবাৰ ৰাজনীতিত সফলতা ৷ ভাৰতীয় ফুটবৰ দলৰ প্ৰক্তন অধিনায়ক বাইচুং ভুটিয়া এইবাৰ নিৰ্বাচিত হৈছে হামৰো ছিকিম পাৰ্টিৰ সভাপতি হিচাপে ৷
গেংটক অনুষ্ঠিত হোৱা হামৰো পাৰ্টিৰ ৰাষ্ট্ৰীয় সন্মিলনত বাইচুঙ ভুটিয়াক ঘোষণা কৰা হয় দলটোৰ নতুন সভাপতি হিচাপে ৷
এই কথা ঘোষণা কৰে হামৰো ছিকিম পাৰ্টিৰ সাধাৰণ সম্পাদক বিৰাজ অধিকাৰীয়ে ৷ হামৰো ছিকিম পাৰ্টিৰ সাধাৰণ সম্পাদক বিৰাজ অধিকাৰীয়ে কয় যে , ‘‘বাইচুং ভুটিয়াক হামৰো ছিকিম পাৰ্টিৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰা হৈছে । আশা কৰো ছিকিমক দুৰ্নীতিমুক্ত কৰাৰ বাবে হামৰো ছিকিম পাৰ্টি দি থকা যুঁজত দলীয় কৰ্মীসকলক বাইচুঙে পথ দেখুৱাব।’’