ডিজিটেল ডেস্ক, ANEWS24X7: ৰছিয়া আৰু ইউক্ৰেইনৰ মাজত বৰ্তমানেও অব্যাহত আছে যুদ্ধ । চলিত বৰ্ষৰ ২৪ ফেব্ৰুোৰীৰ পৰা আৰম্ভ হোৱা এই যুঁজখনে এতিয়া লৈছে ভীষণ কূটনৈতিক ৰূপ । ৰাছিয়া ইউক্ৰেইনৰ এই যুজত ৰাছিয়াই ইউক্ৰেইনৰ কেইবাটাও অঞ্চল দখল কৰিছে । এনে পৰিস্থিতিত ৰাছিয়াৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি আহিছে ইউক্ৰেইনে।
ইয়াৰ মাজতে ৰাছিয়াই দখল কৰা অঞ্চলৰ পৰা আহিছে এটা ডাঙৰ খবৰ । ৰাছিয়াৰ দখলত থকা চাৰিটা অঞ্চলৰ ৰাছিয়াৰ সমৰ্থক সকলে গণভোটৰ আয়োজন কৰিছে । ৰাছিয়াৰ দখলত থকা লুহানস্ক, ডনেটস্ক, খেৰচন আৰু জাপোৰিজিয়াত ২৩ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ গণভোট অনুষ্ঠিত কৰা হৈছে ।
ৰাছিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি গণভোটত নিযুক্ত বিষয়াসকলে শুক্ৰবাৰৰ পৰা সোমবাৰৰ ভিতৰত পৰ্টেবল বেলট বাকচলৈ লুহানস্ক, ডনেটস্ক, খেৰচন আৰু জাপোৰিজিয়া প্ৰদেশত ঘৰে ঘৰে যাব । আৰু ২৭ ছেপ্টেম্বত ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কাৰ্যসূচী অনুষ্ঠিত হ’ব।
এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত কয় যে ,”এইটো এটা বিপদজনক সিদ্ধান্ত। ইউক্ৰেইনৰ ভূমিত কোনো ৰাছিয়াৰ দাবীয়ে ইউক্ৰেইনীয়ান সকলৰ আত্মৰক্ষাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে।” আনহাতে গণভোটৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে কয় যে ,”নিৰ্বাচনটো প্ৰৱঞ্চনামূলক আৰু অগণতান্ত্ৰিক।”
উল্লেখ্য যে, শেহতীয়াকৈ ৰাছিয়াৰ দখলত থকা কেইবাটাও অঞ্চল ইউক্ৰেনিয়ান সেনাই পুনৰ উদ্ধাৰ কৰিছে । এনে পৰিস্থিতিত ইউক্ৰেনিয়ান সেনাক প্ৰতিহত কৰিবৰ বাবে ৰাছিয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় মহলত ।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমানেও ৰাছিয়াৰ দখলত আছে ইউক্ৰেইনৰ ১৫ শতাংশ ভূমি । ইয়াৰ পূৰ্বে ৰাছিয়াই ক্ৰিমিয়া দখল কৰিছিল আৰু ২০১৪ চনত ক্ৰিমিয়াত গণভোটৰ আয়োজন কৰি ৰাছিয়াৰ সৈতে একত্ৰিত কৰা হৈছিল । সেই নিৰ্বাচনত ৰাছিয়াৰ সমৰ্থনত ৯৭ শতাংশ ভোট প্ৰদান কৰা হৈছিল । অৱশ্যে এই নিৰ্বাচনক অবৈধ্য আখ্যা দিছে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰই । এই নিৰ্বাচনত ব্যাপক হাৰত ৰেগিং হোৱাৰ অভিযোগ উত্থাপন হৈছিল ।