ডিজিটেল ডেস্ক, ANEWS24x7: PFIৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান ৷ অসমতো তীব্ৰতৰ কৰা হৈছে পিএফআইৰ বিৰুদ্ধে অভিযান । সোমবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা পিএফআই বিৰোধী অভিযানত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী মহিলা সহ ২৫ জন পিএফআই সদস্যক ।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি নতুনকৈ গ্ৰেপ্তাৰ কৰা ২৫ জন পিএফআই সদস্য সকলৰ ভিতৰত কামৰূপৰ ৫ জন , গোৱালপৰাৰ ১০ জন ,কৰিমগঞ্জৰ এজন ,ওদালগুৰীৰ এজন , ধুবুৰীৰ তিনিজন , বৰপেটাৰ দুজন , দৰঙৰ এজন আৰু বাক্সাৰ দুজন । ৰাজ্যৰ আঠখন জিলাত চলা এই অভিযানত ২৫ জন পিএফআই সদস্য গ্ৰেপ্তাৰ কৰা হয় ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যত এনআইএ আৰু ইডিয়ে পিএফআইৰ বিৰুদ্ধে সমগ্ৰ দেশতে অভিযান চলাইছিল।বৃহস্পতিবাৰে এনআইএ চলোৱা এই অভিযানত অসমৰ ১১ জন পিএফআই সদস্য গ্ৰেপ্তাৰ কৰা হৈছিল । পিএফআইৰ বিৰুদ্ধে দেশদ্ৰোহী কাৰ্যকলাপৰ লগত জৰিত থকা , সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে উচতনি দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ পুঁজি যোগান ধৰাৰ দৰে গুৰুত্বৰ অভিযোগ আছে ।