Friday, November 8, 2024
Homeঅসমকৰ্কট ৰোগ চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হ’ব BSC নাৰ্ছিং পাঠ্যক্ৰম

কৰ্কট ৰোগ চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হ’ব BSC নাৰ্ছিং পাঠ্যক্ৰম

ডিজিটেল ডেস্ক, ANEWS24X7: কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ৷ৰাজ্য অচিৰে আৰম্ভ কৰা হ’ব কৰ্কট ৰোগ চিকিৎসাৰ বাবে BSc নাৰ্ছিং পাঠ্যক্ৰম।কৰ্কট ৰোগ চিকিত্‍সা আৰু পেলিয়েটিভ কেয়াৰৰ বাবে BSc নাৰ্ছিং পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মঙলবাৰে অসম কেঞ্চাৰ কেয়াৰ ফাইণ্ডেচনৰ বৰ্ড মিটিং আৰু এজিএমত অংশগ্ৰহণ কৰি এই পৰিকল্পনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

এই বৈঠকত ৰাজ্যত নিৰ্মাণকাৰ্য চলি থকা ৭খন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লোৱাৰ লগতে ৰেডিঅ’থেৰাপী, লেব’ৰেটৰী ডায়েগনষ্টিকছ, পি ই টি-চি টি স্কেন আদিৰ ওপৰতো পৰ্যালোচনা কৰা হয় ৷

নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা চিকিত্‍সালয়সমূহত ৰোগীৰ চিকিত্‍সা আৰম্ভ কৰাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব৷উক্ত বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments