Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়নিৰাপত্তাহীনতাত সংখ্যালঘু সকল, বলপূৰ্বক ভাবে কৰা হৈছে ধৰ্মান্তৰকৰণঃ ভাৰতে চৰকাৰে দিছে ধিক্কাৰ

নিৰাপত্তাহীনতাত সংখ্যালঘু সকল, বলপূৰ্বক ভাবে কৰা হৈছে ধৰ্মান্তৰকৰণঃ ভাৰতে চৰকাৰে দিছে ধিক্কাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: নিৰাপত্তাহীনতাত ভূগিছে সংখ্যালঘু লোক সকল ৷ হিন্দু সকলৰ পিছত এইবাৰ শিখসকলৰ ওপৰত নিৰ্যাতন পাকিস্তানত ৷ পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশত এগৰাকী শিখ মহিলা শিক্ষকক অপহৰণ কৰি মুছলমান হ’বলৈ বাধ্য কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে ৷

মঙলবাৰে , বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই ঘটনাৰ গৰিহণ দিয়ে ৷ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ এক বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে , ‘‘এনে ঘটনা কৰুণ আৰু গুৰুতৰ ৷’’

পাকিস্তানৰ সংখ্যালঘু সংগঠনসমূহে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত কৰিছে ৷ সংখ্যালঘু সংগঠন সমূহে দাবী কৰিছে যে , অভিযোগ উত্থাপন কৰাৰ পিছতো পাকিস্তান আৰক্ষীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷


উল্লেখ্য যে, কেইবছৰমান পূৰ্বে পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ হাংগু জিলাত ভাবুকি প্ৰদান কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছিল ৷ পঞ্জাৱৰ তদানীন্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষয়টো উত্থাপন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কূটনৈতিক পৰ্যায়ত প্ৰতিবাদ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments