ডিজিটেল ডেস্ক, ANEWS24X7: বলিউডৰ বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখৰলৈ ২০২০ বৰ্ষৰ দাদাচাহেব ফালকে বঁটা ৷ ভাৰতীয় চলচিত্ৰ উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অভিনেত্ৰী গৰাকীক প্ৰদান কৰা হ’ব সাংস্কৃতিক জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে বঁটা ৷ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷
এই সন্দৰ্ভত কেন্দ্ৰীয়মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে,‘‘দাদাচাহেব ফালকে বাছনি জুৰীয়ে ভাৰতীয় চলচিত্ৰ জগতলৈ দৃষ্টান্তমূলক জীৱনজোৰা অৱদানৰ বাবে আশা পাৰেখজীক স্বীকৃতি প্ৰদান কৰি দাদা চাহেব ফালকে বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২ চনৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে আশা পাৰেখজীক এই বঁটা প্ৰদান কৰিব ৷’’
উল্লেখ্য যে ১৯৪২ চনত জন্ম লাভ কৰা আশা পাৰেখৰে ‘আসমান’ বোলছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ আশা পাৰেখৰ ১৯৬০-১৯৭০ দশকৰ এগৰাকী সফল অভিনেত্ৰী৷ ইয়াৰ পূৰ্বে ১৯৯২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ৷১৯৯৯ চনত আশা পাৰেখক শেষবাৰৰ বাবে ‘চাৰ আখোঁ পৰ’ত দেখা গৈছিল।