Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়গৃহমন্ত্ৰীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত বোমা বিস্ফোৰণ

গৃহমন্ত্ৰীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত বোমা বিস্ফোৰণ

ডিজিটেল ডেস্ক, ANEWS24X7 : পুনৰ বিস্ফোৰণত কঁপি উঠিল কাশ্মীৰ উপত্যকা৷বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।আঠ ঘণ্টাৰ ব্যৱধানত জম্মু-কাশ্মীৰৰ উধমপুৰত দুখন ৰখাই থোৱা যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটায়।বাছ ষ্টেণ্ডত ৰখাই থোৱা দুখন খালী বাছত সংঘটিত কৰা হৈছে এই বিস্ফোৰণ।

প্ৰথমটো বিস্ফোৰণ বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত উধমপুৰৰ ডোমাইল চকৰ ওচৰত ৰখাই থোৱা এখন বাছত সংঘটিত হয়।দ্বিতীয়টো বিস্ফোৰণ বৃহস্পতিবাৰে পুৱা ৬:৩০ বজাত ডমাইল চকৰ পৰা ৪ কিলোমিটাৰ দূৰত পুৰণি বাছ ষ্টেণ্ডত ৰখাই থোৱা আন এখন বাছত বিস্ফোৰণ সংঘটিত হয়।

প্ৰথম বিস্ফোৰণটোত দুজন লোক গুৰুত্বৰ ভাবে আহত হৈছে। আনহাতে দ্বিতীয়টো বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। সন্ত্ৰাসবাদীয়ে আতংক বিয়পাবলৈ এনে ধৰণে ৰখাই থোৱা বাছত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে বুলি আৰক্ষীয়ে অনুমান কৰিছে।

উল্লেখ্য যে , সমাগত কাশ্মীৰ বিধানসভা নিৰ্বাচৰ প্ৰতি লক্ষ্য ৰাখি অহা সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰ উপত্যকা ভ্ৰমণ কৰাৰ কথা আছে।এনে পৰিস্থিতিত সন্ত্ৰাসবাদীৰ এই বোমা বিস্ফোৰণে কাশ্মীৰৰ নিৰাপত্তাৰ দিশটো পুনৰ চৰ্চালৈ আনিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments