ডিজিটেল ডেস্ক, ANEWS24X7: গৰ্ভপাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য৷ এতিয়াৰে পৰা দেশৰ সকলো মহিলাই সুৰক্ষিত গৰ্ভপাত কৰিব পাৰিব ৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে গৰ্ভপাত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷উচ্চতম ন্যায়ালয়ে কয় যে,‘‘গৰ্ভপাতৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত মহিলাসকলক পৃথক কৰাটো অসাংবিধানিক৷অবিবাহিত মহিলাসকলেও ২০ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাত কৰাব পাৰিব।’’ আনহাতে, উচ্চতম ন্যায়ালয়ে ‘বৈবাহিক ধৰ্ষণ’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কৰিছে । উচ্চতম ন্যায়ালয়ে কয় যে, ‘বৈবাহিক ধৰ্ষণো’ এক প্ৰকাৰৰ ‘ধৰ্ষণ’।
এই সন্দৰ্ভত ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে ,‘‘এগৰাকী বিবাহিত মহিলাও যৌন নিৰ্যাতন বা ধৰ্ষণৰ বলি হ’ব পাৰে। মেডিকেল টাৰ্মিনেচন অফ গৰ্ভধাৰণ আইনত 20 সপ্তাহ আৰু 24 সপ্তাহলৈকে গৰ্ভধাৰণ সমাপ্ত কৰাৰ অনুমতি দিয়া ব্যৱস্থাবোৰ কেৱল অবিবাহিত হোৱাৰ বাবে এগৰাকী মহিলাক অস্বীকাৰ কৰিব নোৱাৰি।’’