Monday, July 7, 2025
Homeৰাজনৈতিকমুখ্যমন্ত্ৰী কোন হ’ব গেহলট নে পাইলট? ছোনিয়া গান্ধীয়ে কি ক'লে?

মুখ্যমন্ত্ৰী কোন হ’ব গেহলট নে পাইলট? ছোনিয়া গান্ধীয়ে কি ক’লে?

ডিজিটেল ডেস্ক, ANEWS24X7: কোন হ’ব ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে৷বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰে শচীন পাইলটে ৷ ছোনিয়া গান্ধীক সাক্ষাৎকৰি শচীন পাইলটে কয় যে ,‘‘কংগ্ৰেছ সভাপতিয়ে আমাৰ কথা শুনিছিল আৰু উক্ত বৈঠকত ৰাজস্থানৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা হৈছিল। আমাৰ যি অনুভৱ আছিল ছোনিয়া গান্ধীজীক অৱগত কৰিলো ৷ আশা কৰো কঠোৰ পৰিশ্ৰম কৰি ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত আমি জয়ী হম। ইয়াৰ বাবে একেলগে কাম কৰিব লাগিব।’’

শচীন পাইলটে লগতে কয় যে ,‘‘আমি পুনৰ ৰাজস্থানত পুনৰ চৰকাৰ গঠন কৰিম৷ৰাজস্থানত চৰকাৰ পাঁচ বছৰ কংগ্ৰেছৰ থাকে আৰু পাঁচ বছৰ বিজেপিৰ থাকে ৷ এইবাৰ আমি এই ৰেকৰ্ড ভাঙিব লাগিব ৷ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াৰ সিদ্ধান্ত দুই এদিনৰ ভিতৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ল’ব ৷ ছোনিয়া গান্ধীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে আমি তাকে মানি লম ৷’’

উল্লেখ্য যে ৰাজস্থানত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাতখনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শচীন পাইলটৰ নাম চৰ্চালৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰী অশোক গেহলটৰ সমৰ্থিত বিধায়ক সকলে তীব্ৰ বিৰোধিতা কৰে ৷ শচীন পাইলটক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিলে দল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments