Friday, November 8, 2024
Homeঅসমঅৱশেষত ডিমাছাসকলৰ ওচৰত ক্ষমা বিচাৰিলে আইমী বৰুৱাই

অৱশেষত ডিমাছাসকলৰ ওচৰত ক্ষমা বিচাৰিলে আইমী বৰুৱাই

ডিজিটেল ডেস্ক, ANEWS24X7: অৱশেষত সামাজিক মাধ্যমৰ যোগে ক্ষমা বিচাৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা ছবি পৰিচালিক আইমী বৰুৱাই। শেহতীয়াকৈ আইমী বৰুৱা অভিনীত আৰু পৰিচালিত ‘চেমখৰ’ নামৰ ছবিখনকলৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্কৰ ৷ ছবিখনৰ জড়িয়তে ডিমাছা সকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি ডিমাছা ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাৱস্ত কৰে৷

অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে ৷ এনে পৰিস্থিতিৰ মাজতে ‘চেমখৰ’ৰ পৰিচালিকা তথা অভিনেত্ৰী আইমি বৰুৱাই সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে ডিমাছাসকলৰ ওচৰত ক্ষমা খুজে

আইমী বৰুৱাই নিজৰ ফেচবুক একাউন্টত লিখে যে-

“চেমখৰ” ছবিখন কিছু কাকত-গ্ৰন্থ- আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনী ভাগ আগবঢ়াই নিছোঁ যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবি খনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ ।
তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।

Although the plotline of my film “Semkhor” was created on the basis of information that we collected from newspapers, books, magazines and a few individuals, fact remains that the story is completely fictional. It has never been our intention to hurt anyone’s feelings or self-respect through this film. I simply attempted to draw the attention of our society to the beauty of the location, the local language, the attire and so on. Nonetheless, we sincerely apologise if we have hurt anyone in any way

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments