Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়আৰ্মেনিয়াক ভাৰতে প্ৰদান কৰিব পিনাক মিছাইল

আৰ্মেনিয়াক ভাৰতে প্ৰদান কৰিব পিনাক মিছাইল

ডিজিটেল ডেস্ক, ANEWS24X7: আজাৰবাইজানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰ্মেনিয়াক ভাৰতে প্ৰদান কৰিব পিনাক মিছাইল লঞ্চাৰ চিষ্টেম ৷ইতিমধ্যে দুইখন দেশৰ মাজত স্বাক্ষৰ কৰা হৈছে চুক্তি৷

আৰ্মেনিয়াই সদৰি কৰিছে এই তথ্য৷আৰ্মেনিয়াৰ বিদেশমন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে ,‘‘আৰ্মেনিয়াৰ সাৰ্বভৌমত্বত আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে ৷আমি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক এই কথা অৱগত কৰিছো৷’’

উল্লেখ্য যে , দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা পিনাক মিছাইলে কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ট্ৰাকত কঢ়িয়াব পৰা ৯০ কিলোমিটাৰ দূৰত্বৰ মিছাইলটো শেহতীয়াকৈ ভাৰতীয় সেনাই লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত চীনৰ সম্ভাৱ্য আক্ৰমণক মোকাবিলা কৰিবলৈ মোতায়েন কৰা হৈছে৷ই ৪৪ ছেকেণ্ডত একেলগে ৭২ টা মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments