Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ঋণ প্ৰদানৰ নামত প্ৰৱঞ্চনা , ১১ জনক গ্ৰেপ্তাৰ

ঋণ প্ৰদানৰ নামত প্ৰৱঞ্চনা , ১১ জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ঋণ প্ৰদানৰ নামত পুনৰ প্ৰৱঞ্চনা।পুনে আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে এটা প্ৰৱঞ্চক চক্ৰ।শনিবাৰে পুনে আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে ১১ টা প্ৰৱঞ্চকক।প্ৰৱঞ্চক চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও মবাইল ফোন,কম্পিউটাৰ আৰু বৃহৎ পৰিমাণৰ নগদ ধন।

প্ৰৱঞ্চক চক্ৰটোৱে গুগল প্লেষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰি সহজে ঋণ প্ৰাপ্ত কৰিব পাৰি বুলি বিজ্ঞাপন দিছিল ।ইয়াৰ পিছতে বহুলোকে এপটো ডাউনলোড কৰে।গ্ৰাহকক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ৫০০ ৰ পৰা ৭০০০ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হ’ব।এপটো ডাউনলোড কৰাৰ পিছত প্ৰৱঞ্চক চক্ৰটোৱে ম’বাইলৰ পৰা গ্ৰাহকৰ ছবি , ফোন নম্বৰ আৰু ফটো আদি সংগ্ৰহ কৰিছিল।গ্ৰাহকক ভাবুকি প্ৰদান কৰা হৈছিল যে যদিহে বৃহৎ পৰিমাণৰ ধন ঘূৰাই নিদিলে ঋণ লওঁতাৰ ছবি বিকৃত কৰি প্ৰচাৰ কৰাৰ হ’ব ।

পুনে আৰক্ষীয়ে বেগালুৰুৰ এটা কল চেন্টাৰত অভিযান চলাই ৪৭ টা মবাইল ফোন কম্পিউটাৰ ,নগদ ৭০ লাখ টকা সহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে।যোৱা দুটা বছৰত এনে চক্ৰটোৰ বিৰুদ্ধে পুনে আৰক্ষী থানাত ৫০০০ তকৈ অধিক অভিযোগ দাখিল কৰা হৈছে।এই অভিযোগৰ ভিত্তিতে পুনে আৰক্ষীয়ে বৰ্তমানলৈকে ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments