ডিজিটেল ডেস্ক, ANEWS24X7: আজি ২ অক্টোবৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তী। গান্ধী জয়ন্তী উপলক্ষে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত স্মৰণ কৰি কয় যে,‘‘মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।এইবাৰ গান্ধী জয়ন্তী আৰু অধিক বিশেষ কাৰণ ভাৰতে ৭৫ বছৰ অতিক্ৰম কৰি আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে।বাপুৰ আদৰ্শৰ সৈতে আমি সদায় জীয়াই থাকিব লাগিব। আপোনালোক সকলোকে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো।’’

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰ দিনটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰিছিল।
