ডিজিটেল ডেস্ক, ANEWS24X7: শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা নৱমীলৈকে ন ৰাতিত ন টা প্ৰকাৰেৰে দুৰ্গা পূজা কৰা হয় ৷দেৱী দুৰ্গাৰ নটা ৰূপ হৈছে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুশমাণ্ডা ,স্কন্দমাতা, কাতয়ানী, কালাৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী৷দেৱী দুৰ্গাৰ এই নটা ৰূপৰ পূজা কৰিলে বিভিন্ন ধৰণৰ ফল লাভ কৰিব পৰা যায় ৷
দেৱীৰ নটা ৰূপৰ পূজা কৰাৰ ফলাফল কি?
১)নৱৰাত্ৰিত শৈলপুত্ৰীক পূজা অৰ্চনা কৰিলে মুলাধাৰাৰ চক্ৰটো শুভ হয় ।
২)ব্ৰহ্মচাৰিণী দেৱীক উপাসনা কৰিলে সাধিস্থান চক্ৰ শুভ হয়।
৩)দেৱী চন্দ্ৰ ঘণ্টাৰ উপাসনা কৰিলে সকলো পাপ আৰু বাধা ধ্বংস হয়।
৪)কুশমাণ্ডা দেৱীক উপাসনা কৰিলে কৰ্মক্ষেত্ৰত জটিলতা দুৰহয়, যশ, আয়ুষ, বল বৃদ্ধি হয় । দেৱী কুশমাণ্ডাৰ প্ৰিয় নৈবদ্য কোমোৰা ।এই পূজা ৰবি গ্ৰহৰ বাবে শুভ।
৫) স্কন্দ মাতাৰ উপাসনা কৰিলে সৰ্বোচ্চ শান্তি আৰু সুখ অনুভৱ হয়।
৬) কাতিয়ানী দেৱীৰ উপাসনা কৰিলে ধৰ্মীয় সম্পদ আৰু সাংসাৰিক সুখ লাভ কৰিব পৰা যায় ।
৭) কালৰাত্ৰি দেৱীৰ উপাসনা কৰিলে সকলো বেয়া প্ৰভাৱ ধ্বংস হয়।
৮) মহাগৌৰী দেৱীৰ উপাসনা কৰিলে ভাল বিবাহ হয়।
৯) সিদ্ধিদাত্ৰী দেৱীৰ উপাসনা কৰি সকলো ধৰণৰ সিদ্ধি প্ৰাপ্ত হয় আৰু আমাৰ পৰিপূৰ্ণতা আহে । সকলোৰে পৰা স্বাধীনতা আহে ।