Sunday, July 6, 2025
Homeঅসমদুৰ্গা পূজাৰ নামত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান

দুৰ্গা পূজাৰ নামত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান

ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্গা পূজাৰ নামত জাতিৰ পিতা মহাত্মা গান্ধীক চৰম অপমান ৷ সমগ্ৰদেশে দুই অক্টোবৰত গান্ধী জয়ন্তী ৰূপে পালন কৰাৰ বিপৰিতে কলকাতাত গান্ধীক কৰা হ’ল চৰম অপমান ৷ কলকাতাৰ পূজাত মহিষাসুৰক ৰূপ দিয়া হ’ল মহাত্মা গান্ধীৰ দৰে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত আৰক্ষীয়ে ৰূপ সলনী কৰিলে প্ৰতিমাৰ ৷ইয়াৰ পিছতে আকুৰগোজ স্থিতি অৱলম্বন কৰিছে পূজা সমিতি৷প্ৰতিবাদত নামিল দেশৰ অন্যতম হিন্দুত্ববাদী সংগঠন অখিল ভাৰতীয় হিন্দু মহাসভা ৷

অখিল ভাৰতীয় হিন্দু মহাসভাৰ দ্বাৰা আয়োজিত কলকাতা দুৰ্গা পূজাৰ প্ৰতিমূৰ্তিকলৈ সম্প্ৰতি সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷দেৱী দুৰ্গাৰ প্ৰতিমাত অসুৰৰ ৰূপত এজন চশমা পৰিধান কৰা তপা মানুহক উপস্থাপন কৰা হৈছে ৷ তপা মানুহজনৰ হাতত এডাল লাখুটি দিয়া হৈছে ৷ প্ৰতিমূৰ্তিটো মহাত্মাগন্ধীৰ লগত সাদৃশ্য দেখিবলৈ পোৱা গৈছে ৷

অখিল ভাৰতীয় হিন্দু মহাসভাৰ এই দুৰ্গা প্ৰতিমাকলৈ সমগ্ৰ দেশতে তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে৷এই ঘটনাক কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছ, চিপিআই এমকে আদি কৰি প্ৰায়বোৰ ৰাজনৈতিক দলে গৰিহণা দিছে ৷

এই সন্দৰ্ভত অখিল ভাৰতীয় হিন্দু মহাসভাৰ পশ্চিম বংগ ৰাজ্যিকৰ কাৰ্যকৰী সভাপতি চন্দ্ৰচুৰ গোস্বামীয়ে কয় যে ,‘‘তপা মূৰ আৰু চশমা পিন্ধা ব্যক্তিজন গান্ধী হোৱাৰ প্ৰয়োজন নাই৷চাওক অসুৰে ঢাল লৈ আছে৷গান্ধীয়ে কেতিয়াও ঢাল ধৰা নাছিল ৷ অসুৰৰ প্ৰতিৰূপটো কাকতলীয় ভাবে গান্ধীৰ দৰে দেখা গৈছে ৷ইয়াৰ লগত গান্ধীৰ কোনো সম্পৰ্ক নাই ৷ এইটো সঁচা যে গান্ধীক সমালোচনা কৰাৰ প্ৰয়োজন আছে ৷’’

সামাজিক মাধ্যমত দূৰ্গা পূজাৰ প্ৰতিমাৰ ফটো ভাইৰেল হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত আৰক্ষীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে৷পূজাস্থলিত পশ্চিমবংগ আৰক্ষীৰ এটা দল উপস্থিত হৈ মহাত্মা গান্ধীৰ লগত সাদৃশ্য থকা মূৰ্তিটোৰ পৰা চশমা আতৰাই দিয়ে, তপা মুৰত চুলি পিন্ধায় দিয়াৰ লগতে গোঁফ পিন্ধায় দিয়ে ৷

ইয়াৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় হিন্দু মহাসভাই ৷ মহাসভাৰ সদস্য সকলে পূজা মণ্ডপতে বহি প্ৰতিবাদ সাব্যস্ত কৰে ৷অখিল ভাৰতীয় হিন্দুৱ মহাসভাৰ পশ্চিম বংগৰ কাৰ্যকৰী সভাপতি চন্দ্ৰচুৰ গোস্বামীয়ে কয় যে ,‘‘গৃহমন্ত্ৰালয়ৰ তৰফৰ পৰা ফোন আহিছে ৷ মোক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে ৷ মই সঁচা কথা ক’বলৈ ভয় নকৰো ৷ আমি প্ৰতিষ্ঠা কৰা প্ৰতিমূৰ্তি আৰক্ষীয়ে পৰিৱৰ্তন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত কৰিছো ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments