ডিজিটেল ডেস্ক, ANEWS24X7: জম্মু-কাশ্মীৰৰ পৰা ৩৭০ বাতিল কৰাৰ পিছত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন।আগন্তুক বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন । ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচনী আয়োগে । ইয়াৰ লগে লগে কাশ্মীৰত কোনে চৰকাৰ গঠন কৰিব তাকেলৈ বৃদ্ধি পাইছে কল্পনা-জল্পনা । ইতিমধ্যে শাসকীয়ে বিজেপি দলকে আদি কৰি কাশ্মীৰৰ আঞ্চলিক দল সমূহে তৎপৰতা বৃদ্ধি কৰিছে ।
উল্লেখ্য যে ৭০ লাখ জনসংখ্যা জম্মু-কাশ্মীৰত ভোট বেংকৰ লক্ষ্য কৰি লৈছে শাসকীয় বিজেপিয়ে । ৭০ লাখ জনতাৰে ১৭ লাখ পাহাৰীয়া জনগোষ্ঠীৰ লোক আছে ।আন ৰাজ্যত বাস কৰে তথা হিন্দু শৰণাৰ্থীসকলক সংযোজন কৰি সৰ্বমুঠ ২৬ লাখ ভোটাৰ হয় । এইবাৰ ৰাজ্যখনত বিভিন্ন কাৰণত ৰাজ্যখনৰ বাহিৰত যোৱা ৩ দশক ধৰি থকা মুঠ ৪.৫ লাখ কাশ্মীৰী পণ্ডিত আৰু আন সম্প্ৰদায়ৰ কাশ্মীৰী সকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰা হ’ব ।এই সকল ভোটাৰ বিজেপি দলে লাভ কৰাৰ সম্ভাৱনা আছে ।
আনহাতে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি গোলাম নবি আজাদে গঠন কৰা ডেমক্ৰেটিক আজাদ পাৰ্টিয়ে কাশ্মীৰৰ জনতাৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে । ইতিমধ্যে গোলাম নবি আজাদৰ ডেমক্ৰেটিক আজাদ পাৰ্টিয়ে বিধানসভা নিৰ্বাচনৰ বাবে বৃদ্ধি কৰিছে ।