ডিজিটেল ডেস্ক, ANEWS24X7: তীব্ৰ আৰ্থিক সংকটত বিশ্বৰ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক ৷ ক্ৰমাত ফেচবুকৰ প্ৰতি মোহভংগ হৈছে গ্ৰাহকৰ৷ সংবাদ মাধ্যমৰ এক তথ্য অনুসৰি শেহতীয়াকৈ প্ৰায় ১৪ লাখ ফেচবুক ব্যৱহাৰকাৰীয়ে এৰিছে ফেচবুক ৷ ইয়াৰ ফলত পুনপটিয়া প্ৰভাৱ পৰিছে ফেচবুকৰ কৰ্মচাৰীসকলৰ ওপৰত ৷ ইয়াৰ পৰিণতিত সংকট আহি পৰিছে ফেচবুকৰ ১২ হাজাৰ কৰ্মচাৰীৰ চাকৰিলৈ ৷
ফেচবুকৰ বিৰুদ্ধে যোৱা এসপ্তাহত ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কোম্পানীটোৰ কৰ্মচাৰীসকলৰ সৈতে শেহতীয়া বৈঠকত মাৰ্ক জুকাৰবাৰ্গে কয় যে ,“মই আশা কৰিছিলো যে বিত্তীয় পৰিস্থিতি অলপ সুস্থিৰ হ’ব। কিন্তু তেনে কোনো লক্ষণ দেখা যোৱা নাই।গতিকে আমি কিছু পৰিকল্পনা কৰিব লাগিব।’’
আনহাতে টিকটকৰ দ্বাৰা বাৰোকৈ ক্ষতিগ্ৰস্ত হৈছে মাৰ্ক জুকাৰবাগ মালিকাধীন ইনষ্টাগ্ৰাম । এনে পৰিস্থিতিত টিকটকৰ দৰে মনোৰঞ্জনধৰ্মী এপ সমূহক প্ৰত্যাহ্বান জনাবলৈ ফেচবুকে নিজৰ কিছু ফিচাৰ্চ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে ৷ ইয়াৰ ফলত ফেচবুকে প্ৰায় ১০ বিলিয়ন ডলাৰ বিজ্ঞাপন হেৰুৱাব লগীয়া হৈছে ৷
শেহতীয়াকৈ ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গেৰ মুঠ সম্পত্তিৰ পৰিমাণ আধালৈ হ্ৰাস পাইছে৷ ফৰ্বছৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত মাৰ্ক জুকাৰবাৰ্গৰ স্থান ২২ নম্বৰলৈ অৱনমিত হৈছে ৷ ইয়াৰ পিছৰে পৰা ফেচবুকত ব্যয় হ্ৰাস কৰিবলৈ পৰিকল্পনা কৰি আহিছে মাৰ্ক জুকাৰবাৰ্গে ৷
উল্লেখ্য যে , ২০০৪ চনত সামাজিক মাধ্যম ব্যৱসায় আৰম্ভ কৰাৰ মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে ইয়াৰ পূৰ্বে ইমান ডাঙৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা নাছিল। ফেচবুকে ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰাকে ধৰি একাধিক গোচৰত প্ৰায় ৬ নিযুত ডলাৰ জৰিমনা পৰিশোধ কৰিব লগীয়া হৈছিল। ইয়াৰ পিছৰে পৰা ফেচবুকৰ গ্ৰহণযোগ্যতা কিছু পৰিমাণে হ্ৰাস পাইছে ।