Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ ফাদিল হ’ল পাকিস্তানৰ দুমুখীয়া স্থিতি, গোপনে যোগান ধৰি আহিছিল অস্ত্ৰ

পুনৰ ফাদিল হ’ল পাকিস্তানৰ দুমুখীয়া স্থিতি, গোপনে যোগান ধৰি আহিছিল অস্ত্ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ দুমুখীয়া স্থিতি উদংখালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৷ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধকলৈ দুমুখিয়া স্থিতি গ্ৰহণ কৰিছে সন্ত্ৰাসবাদৰ ভূস্বৰ্গ খ্যাত পাকিস্তানে ৷ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধকলৈ নিৰপেক্ষ স্থিতি অৱলম্বন কৰা বুলি জহাই থকা পাকিস্তানৰ স্বৰূপ উদঙালে ‘জিঅ’-পলিটিক’ নামৰ এটা সংগঠনে ৷

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰা পাকিস্তানে গোপনে অস্ত্ৰ যোগান ধৰি আহিছে ইউক্ৰেইনক ৷ ইছলামাবাদে বুলগেৰিয়ান কোম্পানীৰ জৰিয়তে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰি আহিছে।ইমানে নহয় ইউক্ৰেইনৰ সৈতে ৮৬.৫ নিযুত ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে পাকিস্তানে ৷ এই তথ্য প্ৰকাশ পাইছে জিঅ’-পলিটিকৰ প্ৰতিবেদনত৷

ইমানে নহয় পাকিস্তানৰ অস্ত্ৰ সৰবৰাহকাৰী এম/এছ ডিএমআই এছ’চিয়েটছৰ বুলগেৰিয়াৰ ‘মেচাৰ্ছ ডিফেন্স ইণ্ডাষ্ট্ৰী গ্ৰুপ’ৰ সৈতে সম্পৰ্ক আছে।শ্বাহবাজ শ্বৰীফ চৰকাৰে কেইবাটাও বিদেশী কোম্পানী আৰু ব্যৱসায়ীৰ জৰিয়তে ইউক্ৰেইনক গোপনে অস্ত্ৰ যোগান ধৰি আহিছে । যুদ্ধৰ গইনালৈ ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰি লাভ অৰ্জন কৰিবলৈ চেষ্টা কৰিছে পাকিস্তানে ।

জিঅ’-পলিটিকৰ  প্ৰতিবেদনত এই তথ্য প্ৰকাশ পোৱাৰ পিছতে এতিয়া স্থিতি থৰক-বৰক হৈছে পাকিস্তানৰ ৷ এনেবোৰ ঘটনা পৰিঘটনাৰ পিছত পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ গ্ৰহণযোগ্যতা হ্ৰাস কৰিলে পাকিস্তানে ৷ পাকিস্তানৰ এই দুমুখীয়া স্থিতিক সহজ ভাবে ল’ব পৰা নাই ৰাছিয়াই ৷ আমেৰিকাৰ পৃষ্ঠপোষকতাত এনে ধৰণৰ কাৰ্য কৰিছে বুলি অভিযোগ উত্থাপন হৈছে পাকিস্তানৰ বিৰুদ্ধে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments