Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়গোপনে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ প্ৰস্তুতি সম্পন্ন কৰিছে কোৰিয়াই

গোপনে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ প্ৰস্তুতি সম্পন্ন কৰিছে কোৰিয়াই

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ কোৰিয়াই গোপনে আৰম্ভ কৰিছে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা ৷ আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত সংঘাত বৃদ্ধি পোৱা সময়তে পুনৰ উত্তৰ কোৰিয়াৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্তাপন কৰিছে আমেৰিকাই ৷ উত্তৰ কোৰিয়াৰ ওপৰত গুপ্তচৰ উপগ্ৰহৰ নিৰিক্ষণ তীব্ৰতৰ কৰিছে আমেৰিকাই ৷

এই সন্দৰ্ভত আমেৰিকাই কয় যে ,‘‘উত্তৰ কোৰিয়াৰ ভিতৰত আমাৰ নিৰীক্ষণ খুব শক্তিশালী নহয় ৷সেইকাৰণে আমি এতিয়ালৈকে এই সন্দৰ্ভত সম্পূৰ্ণ বিৱৰণ লাভ কৰা নাই। আমি আশংকা কৰিছো উত্তৰ কোৰিয়াই গোপনে পাৰমাণৱিক পৰীক্ষাৰ পৰিকল্পনা কৰিছে ৷’’

উত্তৰ কোৰিয়া নিৰাপত্তাৰ দিশত অতি সচেতন৷ উত্তৰ কোৰিয়াৰ ভিতৰৰ খবৰ লাভ কৰাটো ইমান সহজ নহয় ৷উত্তৰ কোৰিয়াৰ পৰা লাভ কৰা প্ৰতিটো খবৰে ৰহস্যৰ আৱৰ্তত থাকে ৷ চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰামৰ্শদাতা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ পূব এছিয়া বিভাগৰ প্ৰাক্তন মুৰব্বী ক্ৰিছ জনষ্টনৰ মতে,কিম জং উন চৰকাৰে ইতিমধ্যে পাৰমাণৱিক পৰীক্ষা আৰু অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত সামগ্ৰী সংগ্ৰহ কৰিছে।

উল্লেখ্য যে ২০১৭ চনত উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল ৷ ইয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ শেহতীয়াকৈ জাপান , দক্ষিণ কোৰিয়া আৰু আমেৰিকাক লক্ষ্য কৰি উত্তৰ কোৰিয়াই মিছাইল নিক্ষেপ কৰিছে ৷ এনে পৰিস্থিতিত যদি পুনৰ উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে তেন্তে সাম্প্ৰতিক পৰিস্থিতিত এক পৃথক মাত্ৰা লাভ কৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments