ডিজিটেল ডেস্ক, ANEWS24X7: স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বায়ু সেনাই যুঁজৰ প্ৰস্তুতিত সহায় কৰিবৰ বাবে এটা শাখা মুকলি কৰিছে ৷ বায়ু সেনা দিৱসৰ দিনা চণ্ডিগড়ৰ বায়ু সেনা ঘাটিত সেনা প্ৰধান ভি আৰ চৌধুৰীয়ে এই কথা সদৰী কৰে ৷এই শাখাত বাহিনীৰ সকলো ক্ষেপণাস্ত্ৰ আৰু অন্যান্য অস্ত্ৰ প্ৰণালী থাকিব ৷ ইয়াৰ ফলত বায়ুসেনাত প্ৰায় ৩,৪০০ কোটি টকা ৰাহি হ’ব ৷
ভাৰতীয় বায়ু সেনাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত বায়ু সেনা দিৱস উদযাপন কৰে ৷ এই কাৰ্যসূচীত চণ্ডিগড়ৰ আকাশত ৮০ খন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে অংশগ্ৰহণ কৰে ৷ এই প্ৰদৰ্শনীত ভাৰততে নিৰ্মাণ কৰা নতুন হেলিকপ্টাৰ ‘প্ৰচণ্ড’ও অংশগ্ৰহণ কৰে৷ বায়ু সেনা দিৱসৰ দিনটোতে বায়ু সেনাৰ নতুন ইউনিফৰ্মও উদ্ধোধন কৰা হয় ৷
বায়ুসেনা প্ৰধান ভি আৰ চৌধুৰীয়ে কয় যে ,‘‘আইএএফৰ নতুন শাখাত থাকিব স্থল,জল আৰু আকাশ তিনিওটা স্থানত উৎক্ষেপন কৰিব পৰা মিছাইল আৰু ড্ৰোণ ৷ এই শাখাৰ যুদ্ধ বিমাণত দুজন বা তিনিজন সৈনিক থাকিব আৰু আস্ত্ৰ প্ৰণালীৰ দায়িত্বত বিষয়াসকল থাকিব ৷ বিমান উৰণৰ বাবে প্ৰশিক্ষণ ব্যয় হ্ৰাস কৰা হ’ব ৷ ইয়াৰ ফলত ৩,৪০০ কোটি টকা ৰাহি হ’ব ৷’’
তেওঁ লগতে কয় যে ,‘‘স্থল, জল আৰু বায়ুৰ বাহিৰেও যুদ্ধৰ ক্ষেত্ৰখন এতিয়া মহাকাশ আৰু চাইবাৰলৈ সম্প্ৰসাৰিত হৈছে ৷ ক্ৰমান্বয়ে এই সকলো ক্ষেত্ৰত হাইব্ৰিড যুদ্ধৰ অবিৰ্ভাৱ দেখা গৈছে ৷ সেয়েহে, প্ৰযুক্তিৰ জৰিয়তে অস্ত্ৰবোৰৰ সলনি কৰিব লাগিব। এইটো মনত ৰাখিব লাগিব যে ভৱিষ্যতৰ যুদ্ধ অতীতৰ মানসিকতাৰ সৈতে যুঁজিব নোৱাৰি। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা ৩০০০ অগ্নিবীৰক বায়ু সেনাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ অহা বছৰৰ পৰা অগ্নিবীৰ আঁচনিত মহিলাসকলকো নিয়োগ কৰা হ’ব ৷’’