ডিজিটেল ডেস্ক, ANEWS24X7: আজি শৰদ পূৰ্ণিমা ৷ আজিৰ দিনটোতে সমগ্ৰ বিশ্বতে হিন্দু ধৰ্মালম্বি লোক সকলে মা লক্ষ্মী পূজা পালন কৰে ৷ আজিৰ দিনটোত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আটাইতকৈ শুভ তিথি বুলি গণ্য কৰা হয় ৷ জনবিশ্বাস অনুসৰি আজিৰ দিনটোত দেৱী লক্ষ্মীক উপাসনা কৰিলে ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে ধন সম্পদৰ শ্ৰীবৃদ্ধি হয় ৷
পূৰ্ণিমাৰ নিশা সাৰে থাকি উপাসনা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় ৷ পৌৰাণিৰ বিশ্বাস অনুসৰি শাৰদ পূৰ্ণিমাৰ নিশা চন্দ্ৰৰ ৰশ্মিৰ পৰা অমৃত বৃষ্টি হয়৷ভক্ত সকলে মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ পূজা অৰ্চনা কৰাৰ লগতে খিৰ তৈয়াৰ কৰি চন্দ্ৰৰ পোহৰত ৰখায় ৷ আজিৰ দিনটোত মা লক্ষ্মীৰ সন্তুষ্ট কৰিব পাৰিলে ভক্ত সকলে বিভিন্ন প্ৰকাৰে সুখ সমৃদ্ধি লাভ কৰে ৷
ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়-
এক বিশ্বাস অনুসৰি আজি নিশা উজাগৰে থাকি মা লক্ষ্মীক পূজা কৰিলে মা সন্তুষ্ট হয় ৷ নিশা শ্ৰী সুক্তা, কনকধৰা , বিষ্ণু সহস্ৰণামা আৰু শ্ৰী কৃষ্ণৰ মধুৰস্তকম পাঠ কৰিলে মা লক্ষ্মীৰ কৃপাদৃষ্টি লাভ কৰিব পৰা যায় । এনে কৰিলে ঋণৰ পৰা সোনকালে পৰিত্ৰাণ পাব পাৰি ৷
বগা কড়িৰ পূজা-
সাগৰ মন্থনৰ ফলত উৎপন্ন হোৱা বগা কড়ি দেৱী লক্ষ্মীৰ অতি প্ৰিয় বুলি গণ্য কৰা হয় ৷ শৰদ পূৰ্ণিমাৰ সন্ধিয়া দেৱী লক্ষ্মীৰ উপাসনা কৰা সময়ত ৰঙা কাপোৰত ৫ টা বগা কড়ি বান্ধি পূজা কৰি সম্পদৰ স্থানত ৰাখক ৷ এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ ঘৰত থাকিব ৷
পানৰে পূজা কৰক-
পান দেৱী লক্ষ্মীৰ অতি প্ৰিয় বুলি গণ্য কৰা হয় ৷ শাস্ত্ৰত পানক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ শাৰদীয় পূৰ্ণিমাৰ দিনা দেৱী লক্ষ্মীক পান আগবঢ়ায় পূজা কৰিলে সুফল লাভ কৰিব পৰা যায় ৷ দেৱী লক্ষ্মীক পান আগবঢ়ালে আৰু প্ৰসাদ হিচাপে ঘৰৰ সকলো সদস্যৰ মাজত বিতৰণ কৰিলে সুখ সমৃদ্ধি বৃদ্ধি হয় ৷
শাৰদীয় পূৰ্ণিমাত তুলসী পূজা-
পৌৰাণিক বিশ্বাস অনুসৰি তুলসী দেৱী লক্ষ্মীৰ এটা ৰূপ বুলি গণ্য কৰা হয় ৷ শাৰদীয় পূৰ্ণিমাত তুলসীৰ উপাসনা কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয় ৷ তুলসীক নিয়মীয়াকৈ পূজা কৰা সকলৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে ৷ শাৰদীয় পূৰ্ণীমাৰ দিনা তুলসী গছত ঘিউৰ চাকি জ্বলাই কাষত মৌ ৰখাৰ পৰম্পৰা আছে ৷ পূৰ্ণিমাৰ পিছদিনা এই পূজা সামগ্ৰী সমূহ এগৰাকী দৰিদ্ৰ বিবাহিতা মহিলাক দান কৰিব লাগে ৷ এনে কৰিলে আপোনাৰ স্বামীৰ আয়ু বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ সৈতে থাকিব ৷
সম্পদ লাভ-
অপৰিসীম সম্পদ পাবলৈ শাৰদীয় পূৰ্ণিমাত দেৱী লক্ষ্মীক পূজা কৰা উচিত । নিশা লক্ষ্মীৰ প্ৰতিমাৰ সন্মুখত চাৰিফালে চাকি জ্বলাই ৰাখক। গোলাপৰ মালা আগবঢ়াওক আৰু তাৰ পিছত দেৱী লক্ষ্মীক বগা গাখীৰ বৰফি আৰু সুবাস প্ৰদান কৰক। ইয়াৰ পিছত মা লক্ষ্মীত স্তুতি কৰক ।
দূৰ্গা পূজাৰ দশমীৰ দিনা মা দূৰ্গাৰ প্ৰতিমাৰ লগত মা লক্ষ্মীৰ প্ৰতিমাও বিসৰ্জন দিয়া হয় ৷হিন্দু সকলৰ জনবিশ্বাস অনুসৰি মা লক্ষ্মীক বিসৰ্জন দিয়াটো শুভ নহয় ৷ ধৰাৰ পৰা মা লক্ষ্মীক কেতিয়াও বিদায় দিয়া নহয় ৷ সেয়েহে দশমীৰ পিছৰটো পূৰ্ণিমাত মা লক্ষ্মীৰ পূজা কৰা হয় ৷ ইয়াৰ ফলত ধৰালৈ মা লক্ষ্মীৰ কৃপাদৃষ্টি বৰ্তি থাকে৷