Friday, November 8, 2024
Homeনিয়োগ ৰে’লৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ

 ৰে’লৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ৰে’লৰ কৰ্মচাৰী সকলৰ বাবে এটা ভাল খবৰ ৷ কেন্দ্ৰীয় কেবিনেটে ৰে’লৰ কৰ্মচাৰী সকলৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষৰ ৭৮ দিনৰ বোনাচ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ দীপাৱলী পূৰ্বে প্ৰদান কৰা হ’ব এই বোনাচ ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ১৮৩১.০৯ কোট টকা ব্যয় কৰিব ৷ ইয়াৰ ফলত ৰে’ল বিভাগৰ ১১ লাখ ২৭ হাজাৰ অ-ৰাজপত্ৰিত কৰ্মচাৰী উপকৃত হ’ব ৷

কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ,‘‘ৰে’ল কৰ্মচাৰীসকলে পিএলবি লাভ কৰিব ৷ প্ৰতিজন কৰ্মচাৰীয়ে পিএলবি হিচাপে সৰ্বাধিক ১৭,৯৫১ টকা লাভ কৰিব ৷ আৰপিএফ, আৰপিএছএফ কৰ্মচাৰী সকলক এই পিএলবিৰ আওতাৰ পৰা বাদ দিয়া হৈছে ৷’’


আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত তৈল কোম্পানী সমূহকো সকাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে , ‘‘যোৱা দুবছৰ ধৰি পেট্ৰ’লিয়াম কোম্পানী সমূহে অধিক মূল্যত ৰন্ধন গেছ ক্ৰয় কৰি আহিছে আৰু কম মূল্যত বিক্ৰী কৰি আহিছে ৷ ইয়াৰ ফলত তেওঁলোক লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল ৷ কেন্দ্ৰীয় কেবিনেটে সেই লোকচানৰ ক্ষতিপূৰণ হিচাপে ২২,০০০ কোটি টকা অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments