ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত ২০১৩ চনত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ গোচৰত বিজেপি বিধায়ক বিক্ৰম চাইনীক দুবছৰৰ বাবে কাৰাদণ্ড বিহা হৈছে ৷
বিধায়ক বিক্ৰম চাইনীৰ লগতে এই ঘটনাৰ লগত জড়িত ১১ জন ব্যক্তিক শাস্তি প্ৰদান কৰা হৈছে ৷ দোষী সাবস্ত হোৱা প্ৰতিজনক অপৰাধীক ১০,০০০ টকা জৰিমনা আৰোপ কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ বিশেষ আদালতৰ ন্যায়াধীশ গোপাল উপাধ্যায়ে এই ৰায় প্ৰদান কৰিছে ৷
উল্লেখ্য যে, তথ্য প্ৰমাণৰ অভাৱত এই গোচৰৰ ১৫ জন অভিযুক্তক আদালতে নিৰ্দোষী বুলি ঘোষণা কৰিছে ৷ এই গোচৰত বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচী, বিজেপি নেতা সুৰেশ ৰাণা, সংগীত সোম, উমেশ মালিক আৰু ভাৰতেন্দ্ৰ সিংকে ধৰি কেইবাজনো লোকক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে । এই সকল ব্যক্তিৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু হিংসাক উচতনি দিয়াৰ অভিযোগ আছিল।