Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়হিজাব বিতৰ্ককলৈ মতান্তৰ উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ

হিজাব বিতৰ্ককলৈ মতান্তৰ উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ

ডিজিটেল ডেস্ক, ANEWS24X7: হিজাব বিতৰ্ক গৈ পালে এইবাৰ উচ্চতম ন্যায়ালয় ৷ হিজাব বিতৰ্ককলৈ মতান্তৰ উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ ৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ শুনানী গ্ৰহণ কৰিছিল ৷ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ সুধাংশু ধুলিয়াৰ বিচাৰপিঠে এই আবেদনৰ ওপৰত বিভাজিত ৰায় প্ৰদান কৰিছে ৷

দুয়োজন ন্যায়াধীশৰ মতামতৰ বিভেদৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে বৃহত্তৰ বিচাৰপীঠ গঠনৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত আপীল সমূহ ৰাখিবলৈ নিৰ্দেশ দিছে ।ন্যায়াধীশ হেমন্ত গুপ্তাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় কৰা আবেদন খাৰিজ কৰাৰ বিপৰিতে ন্যায়াধীশ সুধাংশু ধুলিয়াই এই আবেদন সমূহক অনুমতি প্ৰদান কৰে ৷ ন্যায়াধীশ ধুলিয়াই কয় যে , ‘‘কৰ্ণাটক উচ্চ ন্যায়ানয়ে ভুল পথ লৈছে ৷ হিজাব পিন্ধাটো পচন্দৰ বিষয় ৷ কম বেছি পৰিমাণে একো নহয় ৷ মোৰ মনোযোগ কন্যা সন্তানৰ শিক্ষাৰ আছিল,বিশেষকৈ গ্ৰাম্য অঞ্চলত ৷’’

১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ উদুপীৰ চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয় , ছোৱালী মহাবিদ্যালয়ৰ মুছলমান ছাত্ৰীসকলৰ একাংশই শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদনসমূহ খাৰিজ কৰিছিল ৷

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে , ‘‘হিজাব ইছলাম ধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় প্ৰথাৰ অংশ নহয় ৷’’ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল একাংশ ছাত্ৰীয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments