Saturday, November 9, 2024
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

পুনৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

ডিজিটেল ডেস্ক, ANEWS24X7:  ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা পুনৰ বিৰত থাকিল ভাৰত৷ৰাছিয়াই ইউক্ৰেইনৰ চাৰিটা অঞ্চল দখল কৰি গণভোট অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অনুষ্ঠিত কৰা ভোটদানৰ পৰা বিৰত থাকিল ভাৰত ৷

সাধাৰণ পৰিষদত ১৯৩ খন দেশৰ ভিতৰত ১৪৩ খন দেশে ৰাছিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা এই প্ৰস্তাৱক সমৰ্থন কৰিছে ৷ ৰাছিয়াৰ সমৰ্থনত ৫ খন দেশে ভোট প্ৰদান কৰৰ বিপৰিতে ভাৰতকে ধৰি ৩৫ খন দেশে ভোটদানৰ পৰা বিৰত থাকে ৷

আনহাতে ইয়াৰ পূৰ্বে ৰাছিয়াই গোপন ভোটৰ দাবী কৰি উত্থাপন কৰা প্ৰস্তাৱক ভাৰত সহ ১০৭ খন দেশে বিৰোধিতা কৰিছিল ৷ ভাৰতৰ এনে কৌশলগত স্থিতিক লৈ কূটনৈতিক বিশেষজ্ঞ সকলে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিছে ৷ একাংশ কূটনৈতিক সমালোচকৰ মতে ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ মাজত নিজৰ কূটনৈতিক ভাৰসাম্য বজাই ৰাখিবৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷ পৰবৰ্তী সময়ত ৰাছিয়া আৰু আমেৰিকা দুয়োখন দেশৰে সমৰ্থন আদায় কৰিবৰ বাবে এনে কৌশলী স্থিতি গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে যোৱা সপ্তাহত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে ভাৰতে ৰাষ্ট্ৰসংঘৰ নীতি অনুসৰি ইউক্ৰেইনৰ আঞ্চলিক অখণ্ডতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব।লক্ষ্যনীয় কথাটো হ’ল যে পূৰ্বে ইউক্ৰেইনে পাক অধিকৃত কাশ্মীৰ প্ৰসংগত কেইবাবাৰো ৰাষ্ট্ৰসংঘত পাকিস্তানৰ পক্ষ গ্ৰহণ কৰি ভাৰতৰ মুকলি বিৰোধিতা কৰিছিল ৷ ইমানৰ পিছতো মানৱতাৰ খাতিৰত বিপদৰ সময়ত ইউক্ৰেইনক বহুবাৰ চিকিৎসা সাহাৰ্য প্ৰদান কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments