Thursday, March 12, 2026
Homeআন্তঃৰাষ্ট্ৰীয়প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ইৰাণৰ ন্যায়পালিকা

প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ইৰাণৰ ন্যায়পালিকা

ডিজিটেল ডেস্ক, ANEWS24X7: ইৰাণৰ মাছা আমিনী হত্যা কাণ্ডৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ইৰণৰ ন্যাপালিকা ৷প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ নিৰ্দেশ দেশখনৰ ন্যায়পালিকাৰ ৷ দেশখনৰ ন্যায়পালিকাৰ মূৰব্বী গোলাম হোছেইন মোহচেনি এজেইকে দেশখনৰ সকলো ন্যায়াধীশক প্ৰতিবাদত অংশগ্ৰহণ কৰা আৰু প্ৰৰোচিত কৰা সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷

গোলাম হোছেইন মোহচেনি এজেইকে কয় যে,‘‘ প্ৰতিবাদকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মই বিচাৰক সকলক মুখ্য অপৰাধী সকলৰ প্ৰতি অপ্ৰয়োজনীয় সহানুভূতি পৰিহাৰ কৰিবলৈ আৰু এই প্ৰতিবাদত কম দোষী সকলক পৃথক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছো ৷’’

উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল মাছা আমিনী নামৰ এগৰাকী যুৱতী ৷ ইয়াৰ পিছতে সমগ্ৰ দেশখনতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল ৷ এটা সময়ত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷

এই প্ৰতিবাদত ব্যাপক হাৰত ইৰাণৰ মহিলা সকলে অংশগ্ৰহণ কৰিছিল ৷ দেশখনৰ নিৰাপত্তা বাহিনীয়ে এই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি প্ৰতিবাদৰ সময়ত ইৰাণৰ নিৰাপত্তা বাহিনীয়ে ১৫৪ জন লোকক হত্যা কৰিছিল আৰু কেইবা শ লোকক গ্ৰেপ্তাৰ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments