ডিজিটেল ডেস্ক, ANEWS24X7:পাকিস্তানত বানপীড়িতক কঢ়িয়াই নিয়া বাহনত ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত শিশু , মহিলাসহ ১৮ জন যাত্ৰী ৷ বুধবাৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ জামচোৰোৰ নুৰিয়াবাদ চহৰৰ ওচৰত সংঘটিত হৈছে এই ঘটনা ৷
জামচোৰোৰ উপায়ুক্তই পুৱাৰ ভাগলৈকে ১৬ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে । অধিক ভাবে অগ্নিদগ্ধ হৈ আৰু দুজন লোক নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে জামচোৰোৰ জিলা স্বাস্থ্য বিষয়াই ।
উল্লেখ্য যে , চলিত বৰ্ষত পাকিস্তানত বানে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছিল । বৰ্তমানেও পাকিস্তানৰ বহু পৰিয়াল আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে ।
