Monday, July 7, 2025
Homeঅসমনিযুক্তি পৰীক্ষাত ভুৱা প্ৰমাণপত্ৰ দাখিল , গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা বহু প্ৰাৰ্থীৰ

নিযুক্তি পৰীক্ষাত ভুৱা প্ৰমাণপত্ৰ দাখিল , গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা বহু প্ৰাৰ্থীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: নিযুক্তি পৰীক্ষাত ভয়ংকৰ জালিয়াতি ৷ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি বক্ৰপথেৰে নিযুক্তি লাভ কৰিছে শ শ প্ৰাৰ্থীয়ে ৷ ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দি অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে বহু প্ৰাৰ্থীয়ে ৷

অসম আৰক্ষীৰ AB-UBৰ পৰীক্ষাত প্ৰমাণপত্ৰ জালিয়াতিৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত চিআইডিয়ে ৫/২২ নম্বৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত ১০০ প্ৰাৰ্থীক তলব কৰিছে CIDয়ে ৷ মুঠ ৪১৪ জন প্ৰাৰ্থীৰ বিৰুদ্ধে ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ সন্দৰ্ভত CIDয়ে বৰপেটা , বঙাইগাঁও , ধুবুৰী , নলবাৰী , নগাঁও , যোৰহাট , শিৱসাগৰত অভিযান চলাইছে ৷

উল্লেখ্য যে ,২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ AB-UBৰ পৰীক্ষা ৷ এই নিযুক্তি পৰীক্ষাতে কোনো কম্পিউটাৰ পাঠ্যক্ৰম গ্ৰহণ নকৰা বহু প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ জমা দাখিল কৰিছিল ৷এক সূত্ৰৰ খবৰ অনুসৰি এই গোচৰত ২১ জনক গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments