Tuesday, July 8, 2025
Homeৰাজনৈতিকৰাহুল গান্ধীক ‘ভাৰত জড়ৌ যাত্ৰা’ বন্ধ কৰিবলৈ আহ্বান কংগ্ৰেছ সাংসদৰ

ৰাহুল গান্ধীক ‘ভাৰত জড়ৌ যাত্ৰা’ বন্ধ কৰিবলৈ আহ্বান কংগ্ৰেছ সাংসদৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ দৈঘ্যৰ ‘ভাৰত জড়ৌ যাত্ৰা’ আৰম্ভ কৰিছে ৷ এই যাত্ৰাৰ আজি ৪০ তম দিন ৷এই যাত্ৰাত ৰাহুল গান্ধীক ব্যাপক সঁহাৰি জনাইছে দেশৰ জনতাই ৷ ইয়াৰ মাজতে ৰাহুল গান্ধীক ‘ভাৰত জড়ৌ যাত্ৰা’ বন্ধ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছৰ এজন সাংসদে ৷

ৰাহুল গান্ধীৰ এই যাত্ৰা আধাতে সামৰি গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন মনোনিৱেশ কৰিবৰ বাবে আহ্বান জনাইছে ৷ এই সময়চোৱাত গুজৰাট আৰু হিমাচল প্ৰদেশৰ জনতাক জাগ্ৰত কৰিব লাগে ৷ এই আহ্বান ডনাইছে দক্ষিণ গোৱাৰ কংগ্ৰেছ সাংসদ ফ্ৰাঞ্চিস্কো সাৰদিনাই ৷

সাৰদিনাই কয় যে ,‘‘মই বিচাৰো যে ৰাহুল গান্ধীয়ে ‘ভাৰত জড়ৌ যাত্ৰা’ বন্ধ কৰক আৰু ৰাইজক জাগ্ৰত কৰিবলৈ হিমাচল প্ৰদেশ আৰু গুজৰাটলৈ যাওক ৷ যাতে তেওঁলোকে বিজেপিক পৰাজিত কৰিব পাৰা একমাত্ৰ দলটোক ভোট দিয়ে ৷ বিজেপিৰ বিৰোধী হ’ব পৰা একমাত্ৰ দলটো হৈছে কংগ্ৰেছ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments