ডিজিটেল ডেস্ক, ANEWS24X7: দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিপাৱলীৰ বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেটা দিনতে ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰে।
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰে ৰোজগাৰ মেলা। ভিডি’অ কনফাৰেন্সনৰ জৰিয়তে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰে । এই ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ ১০ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ’ব ৷
এই কাৰ্যসূচীতে দেশৰ ৩৮ টা বিভাগৰ মুঠ ৭৫ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ বিতৰণ কৰে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আঁচনিৰ অধীনত অহা ১৮ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ খালী হৈ থকা সকলো পদ পূৰণ কৰা হ’ব ৷