Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়যুদ্ধৰ বাবে ৰাছিয়াই খালী কৰিছে চহৰ

যুদ্ধৰ বাবে ৰাছিয়াই খালী কৰিছে চহৰ

 

ডিজিটেল ডেস্ক,ANEWS24X7: ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ভয়ংকৰ আগজাননী৷ অসামৰিক লোক সকলক চহৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ৰাছিয়াৰ দখলত থকা খেৰছনৰ নগাৰিক সকলক সুক্ষিত স্থানত আশ্ৰয় গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাছিয়া প্ৰশাসনে ৷ৰাছিয়া প্ৰশাসনে বৰ্তমানলৈকে ৬০ হাজাৰ অসামৰিক লোকক স্থানান্তৰ কৰিছে আৰু ২৫ লাখ লোকক স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে৷

যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা খেৰছন পুনৰ দখল কৰিবলৈ বাবে ইউক্ৰেইনে প্ৰত্যাক্ৰমণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰি এই নিৰ্দেশনা জাৰি কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে ৷ৰাছিয়া প্ৰশাসনৰ এক সূত্ৰৰ খবৰ অনুসৰি ইউক্ৰেইন সেনা খেৰছনৰ ওচৰত অৱস্থান গ্ৰহণ কৰিছে ৷

যিকোনো মুহূৰ্তত খেৰছন আক্ৰমণ কৰিব পাৰে ইউক্ৰেন সেনাই ৷ এই আক্ৰমণত যাতে কোনো সাধাৰণ লোকৰ ক্ষয় ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ তৰফৰ পৰা পুনৰ কোৱা হয় যে ,‘‘ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ সৈতে আলোচনাৰ পক্ষপাতী আছিল ৷ ৰাছিয়াই এই সিদ্ধান্ত বৰ্তমানেও সলনি কৰা নাই ৷ যুদ্ধ সমাপ্তিৰ বাবে আলোচনা কৰিবলৈ আমি বৰ্তমানেও আশা এই দিয়া নাই ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments