Thursday, November 7, 2024
Homeৰাজনৈতিকৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচিত চৰকাৰৰ ক্ষমতাক হস্তক্ষেপ কৰাৰ অভিযোগ

ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচিত চৰকাৰৰ ক্ষমতাক হস্তক্ষেপ কৰাৰ অভিযোগ

 

ডিজিটেল ডেস্ক, ANEWS24X7: কেৰেলাৰ নখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগ দাবী কৰাৰ কোনো অধিকাৰ নাই কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ৷ কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৰাজ্যপাল আৰিফ মহম্মদ খানক তীব্ৰ সমালোচনা কৰিছে ৷ ৰাজ্যপালৰ বিৰুদ্ধে গণতন্ত্ৰ ধ্বংস কৰাৰ উদ্দেশ্যৰে এনে এটা অসাংবিধানিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে৷

কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে সোমবাৰে এক টুইট যোগে কেৰেলাৰ নখন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম উলংঘা কৰি উপাচাৰ্য সকলক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ ৰাজ্যপালে সোমবাৰৰ পুৱা ১১.৩০ বজাৰ ভিতৰত উপাচাৰ্যসকলক পদত্যাগ পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ ৰাজ্যপালৰ এই নিৰ্দেশনাক উপাচাৰ্যসকলে কোনোধৰণৰ সঁহাৰি প্ৰদান কৰা নাই ৷

এই সন্দৰ্ভত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয় যে,‘‘ৰাজ্যপাল আৰিফ মহম্মদ খানে গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰৰ ক্ষমতাক সস্তক্ষেপ কৰি আহিছে ৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিবৰ বাবে ৰাজ্যপালে এনেধৰণৰ কাম কৰিছে ৷’’

উল্লেখ্য যে , শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এপিজে আব্দুল কালাম প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এম এছ ৰাজশ্ৰীৰ নিযুক্তি বাতিল কৰিছিল ৷ এই ৰায়ৰ ভিত্তিতে ৰাজ্যপাল আৰিফ মহম্মদ খানে আন বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্য নিযুক্তিত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি পদত্যাগৰ নিৰ্দেশ দিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments