ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়ে ৰাছিয়াৰ প্ৰতি আক্ৰমণাত্মক হয় ঋষি সুনাক ৷ব্ৰিটেইনৰ শাসনভাৰ গ্ৰহণ কৰি প্ৰথমটো ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আক্ৰমণৰ লক্ষ্য কৰি লয় ঋষি সুনাকে ৷ পুতিনৰ বাবে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে ৷
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি সুনাকে প্ৰথমটো ভাষণতে কয় যে,‘‘ এই মুহূৰ্তত আমাৰ দেশ এক গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ইউক্ৰেইনত পুটিনৰ যুদ্ধই বিশ্বজুৰি বজাৰ আৰু যোগান শৃংখলসমূহ অস্থিৰ কৰি তুলিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাবে বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে ৷”
দ্বায়িত্বভাৰ গ্ৰহণ কৰি ঋষি সুনাকে পূৰ্বৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক শ্ৰদ্ধা জ্ঞাপন কৰে ৷
সুনাকে কয় যে, “দেশৰ বিকাশ কৰিব বিচৰাটোত লিজা ট্ৰাছৰ কোনো ভুল নাছিল। ই এক মহৎ লক্ষ্য আছিল। পৰিৱৰ্তনৰ হকে তেখেতৰ মনত সৃষ্টি হোৱা অস্থিৰতাক মই প্ৰশংসা জনাও। সমস্যাবোৰ সমাধানৰ বাবে কামসমূহ ক্ষীপ্ৰতাৰে আৰম্ভ হ’ব।”