Monday, July 7, 2025
Homeঅসমমুক্তি লাভ কৰিলে নিপন গোস্বামী অভিনীত অসমীয়া চলচ্চিত্ৰ 'লংকাকাণ্ড'

মুক্তি লাভ কৰিলে নিপন গোস্বামী অভিনীত অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’

 

 

ডিজিটেল ডেস্ক, ANEWS24X7: মুক্তি লাভ কৰিলে সদ্যপ্ৰয়াত নিপন গোস্বামী অভিনিত একচনধৰ্মী নতুন অসমীয়া ছবি ‘লংকাকাণ্ড’ ৷ শুক্ৰবাৰে ৰাজ্যৰ সকলো ছবিগৃহত ‘লংকাকাণ্ড’ ছবি খনে মুক্তি লাভ কৰে ৷ অসমৰ জলন্ত সমস্যা , খিলঞ্জীয়াৰ দুৰ্বলতাৰ সুযোগ লৈ অবৈধ বাংলাদেশীয়ে অসমৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক আদি ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ প্ৰেক্ষাপতত নিৰ্মাণ কৰা লংকাকাণ্ড ছবিখনে বিশেষ চৰ্চা লাভ কৰিছে ৷

প্ৰেম, ৰোমাঞ্চ, একচনৰে ভৰপূৰ মনোৰঞ্জনেৰে ভৰা ‘লংকাকাণ্ড’ ছবিখনৰ কাহিনী , চিত্ৰনাট্য , সংলাক আৰু পৰিচালনা যুৱ পৰিচালক ৰজনী বৰ্মনৰ ৷ ছবিখনৰ প্ৰযোজনা মনীষ আগৰৱালাৰ ৷ ছবি খনত অভিনয় কৰিছে প্ৰয়াত নিপন গোস্বামী,বীণা বৰা, অতুল পাচনি, পল ফুকন, বিবেক বৰা , ভ্ৰান্তি মেধি , ৰমেন তামূলীকে আদি কৰি বহুটো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷

‘লংকাকাণ্ড’ ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, নীল আকাশ, দিপলীনা ডেকা আৰু ঋতিষাই। ছবিগৃহত অসমীয়া চলচ্চিত্ৰ জগত শূন্য কৰি বিদায় মগা নিপন গোস্বামীক ৰূপালী পৰ্দাত নতুন ৰূপত দেখি আবেগিক হৈ পৰিল দৰ্শক সকল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments