ডিজিটেল ডেস্ক, ANEWS24X7 : শনিবাৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজ্যৰ কাঠভিত্তিক উদ্যোগৰ প্ৰসাৰৰ বাবে ৰাজ্যিক কেবিনেটে ‘‘কাঠভিত্তিক উদ্যোগ প্ৰসাৰ আৰু উন্নয়ন নিয়মাৱলী ২০২২’’ অনুমোদন জনায় ৷ এই নিয়মাৱলীৰ অধীনত ৰাজ্যৰ কাঠভিত্তিক উদ্যোগক প্ৰাথমিক , আনুসংগিক আৰু সংমিশ্ৰিত উদ্যোগ হিচাপে শ্ৰেণী বিভাজন কৰা হ’ব৷ প্ৰাথমিক আৰু সংমিশ্ৰিত উদ্যোগ সমূহত অনুজ্ঞাপত্ৰৰ সৈতে ঔদ্যোগিক পামৰ ভিতৰত স্থাপন হ’ব লাগিব ৷ আনুসাংগিক উদ্যোগৰ ক্ষেত্ৰত কোনো পঞ্জীয়নৰ প্ৰয়োজন নহ’ব ৷ এই নিয়মাৱলীৰ অধীনত বিশেষকৈ ৰাজ্যৰ আগৰ খেতিয়ক আৰু ব্যৱসায়ী সকল লাভাম্বিত হ’ব ৷
ৰাজ্য চৰকাৰে নৱেম্বৰ মাহৰ পৰা মিছন বসুন্ধৰা ২.০ আৰম্ভণি কৰিব ৷ ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈকে কাৰ্যকৰী হোৱাকৈ মিছন বসুন্ধৰা ২.০ৰ অধীনত এককালীন ব্যৱস্থা হিচাপে যোগ্য অধিকাৰীসকলক ভি জি আৰ আৰু পিজি আৰু ভূমি নিষ্পত্তিৰ লগতে উপ-বিভাগীয় ভূমি উপদেষ্টা সমিতিৰ পুনৰ গঠন কৰা হ’ব ৷ মিছন বসুন্ধৰা ২.০ দ্বাৰা খিলঞ্জীয়া ব্যক্তি সকল উপকৃত হ’ব ৷
শনিবাৰে কেবিনেটে মৰাণ আৰু মটক কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত মৰাণ আৰু মটক সম্প্ৰদায়ক সুকীয়াকৈ তালিকাভুক্ত কৰা হৈছে ৷ বৰ্তমানলৈকে মৰাণ আৰু মটক সম্প্ৰদায় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত একেলগে ১৪ ক্ৰমিক নম্বৰত অন্তৰ্ভুুক্ত কৰা হৈছে ৷ এতিয়াৰে পৰা মটক সম্প্ৰদায়ক ক্ৰমিক নং ৩৩ ত অন্তৰ্ভুক্ত কৰা হৈছে ৷
আনহাতে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত লিহু নামৰ সুধৰণি কৰি লিম্বু নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ৰাজ্যিক কেবিনেটে আজি অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নেপালী সম্প্ৰদায়ৰ উপ-জাতিক হিচাপে ভুজেল উপজাতিক অন্তৰ্ভুক্ত কৰা হৈছে ৷ এতিয়াৰে পৰা ভুজেল উপজাতিৰ লোক সকলে অন্যান্য পিছপৰা শ্ৰেণীৰ সুবিধা সমূহ লাভ কৰিব ৷ কেবিনেট বৈঠকৰ অন্তত এই কথা সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷