Friday, October 30, 2026
Homeঅসমসাউকুছিৰ ভাড়াঘৰত আৰক্ষীৰ অভিযান, জব্দ টাটা হেৰিয়াৰ

সাউকুছিৰ ভাড়াঘৰত আৰক্ষীৰ অভিযান, জব্দ টাটা হেৰিয়াৰ

গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচজনকৈ লোকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঘনকান্ত গগৈক লৈ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ আচৰণক লৈও সৃষ্টি হৈছে চৰ্চা।

হত্যাকাণ্ডৰ চাৰিদিনৰ পাছত অভিযুক্ত ঘনকান্ত গগৈক লগত লৈ সাউকুছিস্থিত তেওঁৰ ভাড়াঘৰত অভিযান চলায় পল্টন বজাৰ আৰক্ষীয়ে। এই অভিযানত ভাড়াঘৰটোৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে তদন্তকাৰী দলে। লগতে জব্দ কৰা হয় এখন বিলাসী টাটা হেৰিয়াৰ বাহন। অৱশ্যে বাহনখনৰ চাবি বিচাৰি অভিযানকাৰী আৰক্ষীৰ দলটোৱে সফল নহ’ল। আৰক্ষীৰ অনুসন্ধানত বাহনখনৰ চাবি ঘনকান্তৰ পত্নী জোনমণি গগৈৰ হাতত থকা বুলি তথ্য লাভ কৰিছে। কিন্তু বৰ্তমানলৈকে সন্ধান ওলোৱা নাই জোনমণি গগৈৰ। পত্নীৰ সন্ধান বিচাৰি ডিব্ৰুগড়ৰ বৰুৱাগাঁৱত থকা ঘনকান্তৰ বায়েকৰ বাসগৃহতো অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে এই অভিযানতো জোনমণিৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰী দল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments