প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ পুনৰ তৎপৰ হৈ পৰিছে অসম চৰকাৰ। গোচৰটোৰ দুই অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভাৰ জামিনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্য চৰকাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দুয়োগৰাকী অভিযুক্তক জামিন প্ৰদান কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ঘটনাটোৰ তদন্তৰ সময়ছোৱাত কেইবাগৰাকীও লোকৰ নাম অভিযুক্ত হিচাপে পোহৰলৈ আহিছিল। ইয়াৰ ভিতৰত সন্দীপন আৰু অমৃতপ্ৰভাও আছিল অন্যতম। দুয়োগৰাকী অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পাছত গোচৰটোৱে নতুন গতি লাভ কৰে।
উচ্চ ন্যায়ালয়ৰ এই জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অসম চৰকাৰ। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে গোচৰটোৰ আইনী প্ৰক্ৰিয়াক নতুন দিশ প্ৰদান কৰাৰ সম্ভাৱনা আছে।
