Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়বিৰল ৰোগত আক্ৰান্ত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

বিৰল ৰোগত আক্ৰান্ত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

 

ডিজিটেল ডেস্ক, ANEWS24X7: বিৰল ৰোগত আক্ৰান্ত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু । মায়োচাইটিছ নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেত্ৰী গৰাকী । শনিবাৰে সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰে অভিনেত্ৰী গৰাকীয়ে ।

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুয়ে কয় যে ,‘‘মায়োচাইটিছ নামৰ এক বিৰল অটোইমিউন অৱস্থাত আছে। আৰোগ্য হোৱাৰ পিছত তেওঁ সকলোকে ৰোগটোৰ বিষয়ে ক’ব। কিন্তু এই ৰোগটো আৰোগ্য হ’বলৈ এতিয়াও দীঘলীয়া সময় লাগিব। সেয়ে অনুৰাগীসকলক খবৰটো জানিবলৈ দিছো ।’’

এই ৰোগৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভাল আৰু শক্তিশালী কোষবোৰ দুৰ্বল হৈ পৰে । ফলস্বৰূপে ভাগৰ লগা, মাংস পেশীত যথেষ্ট বিষ হোৱা আদি বহুতো সমস্যা দেখা দিয়ে। চিকিৎসকসকলে সামান্থাক আশ্বাস দিছে যে তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হ’ব।

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে প্ৰতিদিনে যথেষ্ট যন্ত্ৰণাত কটাইছে। এনে অৱস্থাতেই অভিনেত্ৰী গৰাকীয়ে তেওঁৰ আহিবলগীয়া ‘যশোদা’ চলচ্চিত্ৰখনৰ বাবে ডাব কৰিছে। তেওঁৰ বিশ্বাস যে সোনকালেই তেওঁ এটা সুস্থ জীৱনলৈ ঘূৰি আহিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments