Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়ভাৰতীয় সেনাত যোগদান কৰি প্ৰয়াত স্বামীৰ সপোন পূৰণ কৰিলে পত্নীয়ে

ভাৰতীয় সেনাত যোগদান কৰি প্ৰয়াত স্বামীৰ সপোন পূৰণ কৰিলে পত্নীয়ে

ডিজিটেল ডেস্ক, ANEWS24X7: ১১ মহীয়া কঠোৰ পৰিশ্ৰমৰ পাছত ভাৰতীয় স্থল সেনাৰ বিষয়া হ’লগৈ লেফটেনেন্ট ৰিগজিন শ্বোৰোল । ভাৰতীয় সেনাত যোগদান কৰি লেফটেনেন্ট গৰাকীৰ প্ৰয়াত স্বামী তথা ভাৰতীয় সেনাৰ ৰাইফলমেন ৰিগজিন খাণ্ডাপৰ সপোন পূৰণ কৰিলে।

ভাৰতীয় সেনাৰ ১১ মহীয়া প্ৰশিক্ষণৰ অন্তত নিজৰ সন্তানক বোকোছাত তুলি অনুভৱ ব্যক্ত কৰে লেফটেনেন্ট গৰাকীয়ে। ২০২১ চনৰ ডিছেম্বৰ মাহত প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰি ২০২২ বৰ্ষৰ ২৮ অক্টোবৰত সমাপ্ত কৰে প্ৰশিক্ষণ ।লেফটেনেন্ট পদবী লাভ কৰি আনন্দত উৎফুল্লিত হৈ এই সফলতাৰ কৃতিত্ব আগবঢ়াই প্ৰয়াত স্বামীলৈ ।

উল্লেখ্য যে, তেখেতৰ স্বামী ৰিগজিন খাণ্ডাপ আছিল লাডাখৰ জেদাং চুম্পা বেটেলিয়েনৰ ৰাইফলমেন যি কৰ্তব্যৰত অৱস্থাত দেশৰ হৈ প্ৰাণ আহুতি দিছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments