ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াৰ লগত শত্ৰুতা কৰি বিপদত আমেৰিকা ৷ ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধত মুকলিকৈ ইউক্ৰেইনৰ পক্ষ লৈ বিপদত পৰিছে আমেৰিকা ৷ আমেৰিকাত এতিয়া তীব্ৰ ইন্ধনৰ সংকটে দেখা দিছে ৷ ক্ৰমাত হ্ৰাস পাবলৈ ধৰিছে আমেৰিকাৰ ডিজেলৰ মজুত ৷
পৰিস্থিতিয়ে ইমান ভয়াবহ ৰূপ ধাৰণ কৰিছে ডিজেলৰ সংকট দূৰ কৰাত চৰম ব্যৰ্থ হৈছে জ’ বাইডেল প্ৰশাসন ৷ ইয়াৰ ফলত পুনপতিয়া প্ৰভাৱ পৰিছে আমেৰিকাৰ জনতাৰ ওপৰত ৷ প্ৰশাসনে ডিজেলক লৈ জাৰি কৰিছে নতুন প্ৰতকল ৷ গ্ৰাহক সকলে ৭২ ঘন্টাৰ পূৰ্বে অৰ্ডাৰ কৰিলেহে লাভ কৰিব ডিজেল ৷
আমেৰিকাত ডিজেলৰ মজুত চলিত মাহত ১৪ বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে । বৰ্তমান দেশখনৰ তল্য গুদাম সমূহত মাত্ৰ ২৫ দিনৰ ডিজেল ষ্টকহে বাকী আছে। বেংক গোল্ডমেন চাক্সে ডিজেল সংকটৰ বিষয়ে পূৰ্বতে জ’ বাইডেল চৰকাৰক সতৰ্ক কৰি দিছিল।
কেৱল আমেৰিকাতে নহয় এই সংকট সমগ্ৰ ইউৰোপতে বিয়পি পৰিছে ৷ এনে পৰিস্থিতিত চলিলে আমেৰিকাৰ লগতে ইউৰোপৰ দেশ সমূহত শীতকালত আৰু অধিক ইন্ধনৰ সংকটৰ লগতে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰত যাব ৷