ডিজিটেল ডেস্ক, ANEWS24X7: টাটা ষ্টিলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ খ্যাত জামছেদ জে ইৰাণীৰ দেহাৱসান ৷ সোমবাৰে নিশা ঝাৰখণ্ডৰ জামছেদপুৰত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰ ষ্টীল মেন খ্যাত জে ইৰাণীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ৷
জামছেদ জে ইৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে টাটা ষ্টীলে ৷ টাটা ইষ্টীলে এক টুইট কৰি তেওঁৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে ৷ টাটা ষ্টীলে টুইট কৰি কয় যে ,‘‘ পদ্মভূষণ বঁটা প্ৰাপ্ত ড০ জামছেদ জে ইৰাণীৰ মৃত্যুত আমি গভীৰভাৱে শোকাভিভূত। তেওঁ ভাৰতৰ ষ্টীল মেন হিচাপে পৰিচিত আছিল। টাটা ষ্টীল পৰিয়াল তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি গভীৰ সমবেদনা জনাইছো।‘