ডিজিটেল ডেস্ক, ANEWS24X7: বুধবাৰে পুৱা ৬.৩০ বজাত চিৰিয়াখানৰ পিঞ্জৰাৰ পৰা এজনী মাইকী সিংহৰ সৈতে চাৰিটা সিংহ পোৱালী বাহিৰলৈ ওলাই আছে ৷ ইয়াৰ ফলত চিৰিয়াখানাৰ ভিতৰত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ চিৰিয়াখানা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে জৰুৰীকালীন লকডাউন ঘোষণা কৰে ৷ পৰবৰ্তী সময়ত চিৰিয়াখানা কৰ্তৃপক্ষয় সিংহজানী আৰু পোৱালি তিনিটা পিঞ্জৰাবদ্ধ কৰে ৷ এটা পোৱালীক ট্ৰেংকুলাইজ কৰা হয় ৷
এই ঘটনাৰ ফলত বহু সময়ধৰি বন্ধ কৰি থব লগীয়া হৈছিল চিৰিয়াখানা ৷ এই ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ টাৰোঙ্গা চিৰিয়াখানাত ৷ চিৰিয়াখানাখনৰ এজন মুখপাত্ৰই কয় যে ,‘‘ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চিৰিয়াখানাখন বন্ধ কৰি দিয়া হৈছিল ৷ এটা পোৱালি ট্ৰেংকুলাইজ কৰা হয় ৷ কিছু সময়ৰ ভিতৰতে বাকি কেইটা সিংহক সুৰক্ষিত ভাবে পিঞ্জৰাবদ্ধ কৰা হয় ৷’’
চিৰিয়াখানা খনৰ কাৰ্যবাহী সঞ্চালক চাইমন ডাফিয়ে ঘটনাৰ তদন্ত কৰাৰ কথা ঘোষণা কৰিছে ৷ ডাফিয়ে কয় যে ,‘‘সিংহ কেইটাক তেওঁলোকৰ পিঞ্জৰাৰ কাষৰ এটা সৰু স্থানলৈ স্থানান্তৰিত কৰা হৈছিল ৷ ঘটনাটো সংঘটিত হোৱাৰ ১০০ মিটাৰ দূৰত এটা পৰিয়ালে নিশা চিৰিয়াখানাত কটাইছিল ৷ ঘটনাটোৰ লগে লগে চিৰিয়াখানাৰ কৰ্মচাৰী সকলে তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে৷’’