ডিজিটেল ডেস্ক, ANEWS24X7: এইবাৰ ইডিক ফেপেৰি পাতি ধৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ৷ ইডিয়ে খনি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক মাতি পঠিয়াইছিল ৷ ইডিৰ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চোৰেনে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁ দলীয় কৰ্মী সকলৰ সৈতে আলোচনাত মিলিত হয় ৷
হেমন্ত চোৰেনে দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় যে, “যদি মই দোষী, আপুনি মোক কিয় সুধিছে? যদি আপোনাৰ ক্ষমতা আছে, মোক পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰক। বিজেপিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ঝাৰখণ্ড চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰি আছে । ইয়াৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰা হৈছে । মই ইডি বা চিবিআইক ভয় নকৰোঁ। সাংবিধানিক সংস্থাসমূহৰ অপব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰাৰ চেষ্টা কৰা হৈছে।”
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে লগতে কয় যে , ‘‘ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে জনজাতীয় মুখ্যমন্ত্ৰীক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। আমি যুঁজ দিম আৰু আমি জিকিম। আমাৰ চৰকাৰে সকলো স্তৰৰ লোকৰ বাবে অত্যন্ত ভাল কাম কৰি আছে। বিৰোধীয়ে ইয়াক সহ্য কৰিব পৰা নাই।”