ডিজিটেল ডেস্ক, ANEWS24X7: মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক অজিত মোহনৰ পদত্যাগ ৷ পদত্যাগ কৰাৰ কৰাণ স্পষ্ট হোৱা নাই যদিও ধাৰণা কৰা হৈছে যে অজিত মোহনে শ্নেপচাটত যোগদান কৰিবৰ বাবে পদত্যাগ কৰিছে ৷ মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক অজিত মোহনৰ পদত্যাগৰ কথাটো মেটাৰ তৰফৰ পৰা নিশ্চিত কৰা হৈছে ।
- মেটাৰ গ্ল’বেল বিজনেছ গ্ৰুপৰ উপাধ্যক্ষ নিকোলা মেণ্ডেলছনে এক বিবৃতি যোগে কয় যে, “কোম্পানীটোৰ বাহিৰত আন এটা সুযোগ লাভ কৰিবলৈ অজিতে মেটাৰ ভূমিকাৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।”
উল্লেখ্য যে ২০১৯ চনৰ জানুৱাৰী মাহত ইণ্ডিয়াৰ পৰিচালন সঞ্চালক হিচাপে অজিত মোহনে যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ফেচবুকক মেটা নামেৰে পুনৰ ব্ৰেণ্ড কৰাৰ পিছত মেটা ইণ্ডয়াৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ দ্বায়িত্বত আছিল ।