Friday, November 8, 2024
Homeৰাজনৈতিকগুজৰাটৰ দলং দুৰ্ঘটনাৰ বাবে নিলম্বন মৰবী পৌৰ নিগমৰ মুখ্য বিষয়া সন্দীপ সিংহ...

গুজৰাটৰ দলং দুৰ্ঘটনাৰ বাবে নিলম্বন মৰবী পৌৰ নিগমৰ মুখ্য বিষয়া সন্দীপ সিংহ ঝালাক

 

ডিজিটেল ডেস্ক, ANEWS24X7: গুজৰাটৰ ওলমা দলং দুৰ্ঘটনা সন্দৰ্ভত মৰবী পৌৰ নিগমৰ মুখ্য বিষয়া সন্দীপ সিংহ ঝালাক নিলম্বন ৷

গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুজৰাট চৰকাৰে ৷মৰবী পৌৰসভাই ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা ওলমা দলংখনৰ মেৰামতিৰ বাবে পূৰ্বতে দলং নিমাণ বা নৱীকৰণৰ কোনো অভিজ্ঞতা নথকা ঘড়ী নিৰ্মাতা কোম্পানী অৰেভাক অৰ্পন কৰিছিল ৷

অভিযোগ অনুসৰি অৰেভা নামৰ সংস্থাটোৱে দলংখনৰ পূৰণি তাৰ সমূহ সলনি কৰা নাছিল ৷ এলুমিনিয়ামৰ চাদ সলনি কৰি আৰু দলঙৰ মজিয়াত ৰং দিয়ে দ্বায়িত্ব সামৰিছিল সংস্থাটোৱে ৷ সূত্ৰৰ খবৰ অনুসৰি মাৰবী পৌৰ নিগমৰ মুখ্য বিষয়া সন্দীপ সিং ঝালাই ওৰেভাক দলংখন নিৰ্মাণৰ চুক্তি তৈয়াৰ কৰাত ভূমিকা গ্ৰহণ কৰিছিল ৷ নিলম্বিত বিষয়াজনৰ সৈতে অৰেভাৰৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে ৷

বৃহস্পতিবাৰে এই সন্দৰ্ভত সন্দীপ সিং ঝালাক আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি সোধ-পোছ কৰিছিল ৷ ইতিমধ্যে দলংখনৰ তত্বাৱধানৰ দ্বায়িত্বত থকা অৰেভা কোম্পানীৰ দুজন মেনেজাৰ , দুজন শ্ৰমিক , তিনিজন সুৰক্ষা কৰ্মী আৰু দুজন টিকট বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিছে ৷

সূত্ৰৰ খবৰ অনুসৰি নিৰ্মাণৰ দ্বায়িত্বত থকা অৰেভাই দলংখন মেৰামতিৰ বাবে ২৯ লাখ টকাৰ বিনিময়ত দেৱ প্ৰকাশ ফেব্ৰিকেচন লিমিটেড নামৰ এটা কোম্পানীক দলংখন মেৰামতি কৰাৰ দায়িত্ব অৰ্পন কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments