ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন ৷ এতিয়া গুজৰাটত আৰম্ভ হৈছে নিৰ্বাচনী গৰম বতাহ ৷ এনে সময়তে শাসকীয় বিজেপি ত্যাগ কৰিছে ইজনৰ পিছত সিজন প্ৰভাৱশালী নেতা ৷ ক্ৰমাত অস্থিৰ হৈ পৰিছে গুজৰাটৰ গেৰুৱা শিবিৰ ৷ এইবাৰ বিজেপি ত্যাগ কৰিছে গুজৰাটৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা চাৰিবাৰৰ বিধায়ক জয় নাৰায়ণ ব্যাসে ৷
প্ৰবীণ নেতাজনৰ পদত্যাগে এতিয়া জোঁকাৰণিৰ সৃষ্টি কৰিছে গুজৰাট বিজেপিত ৷বিজেপি নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈয়ে দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে জয় নাৰায়ণ ব্যাসে৷ব্যাসে কংগ্ৰেছ আৰু আম আদমী পাৰ্টী দুয়োটা দলৰ বাবে দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে ৷ ইতিমধ্যে কংগ্ৰেছ আৰু আম আদমী পাৰ্টী দুয়োটা শিবিৰৰ সৈতে যোগাযোগ স্থাপন কৰিছে গুজৰাটৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী জনে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰ সিং বাঘেলাৰ পুত্ৰই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল। একেৰাহে ২৭ বছৰ শাসনত থকাৰ পিছত গুজৰাটত প্ৰতিষ্ঠান বিৰোধী ঢৌ শক্তিশালী হৈ উঠিছে । ইয়াৰ সমান্তৰালকৈ মৰবীৰ ওলমা দলং দুৰ্ঘটনাটোৱে গুজৰাট চৰাকৰৰ বাবে চিন্তা বৃদ্ধি কৰিছে।