ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰীয় সংগীত ‘জন গন মন’ আৰু ৰাষ্ট্ৰীয় গীত ‘ বন্দে মাতৰম’য়ে দেশত সম মৰ্যাদা লাভ কৰিছে ৷ দেশর নাগৰিক সকলে দুয়োটা গানৰ ক্ষেত্ৰত সন্মান জনোৱা উচিত ৷ দিল্লী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ সঁহাৰি জনায় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই মন্তব্য কৰে ৷
শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এই দুয়োটা গানৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে ,‘‘যিকোনো লোকে ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ বাধা দিয়াটো শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হ’ব ৷’’
অৱশ্যে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ক্ষেত্ৰত এনেধৰণৰ শাস্তিৰ কথা উল্লেখ নাই ৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰে ৷
এই গোচৰৰ শুনানীত কেন্দ্ৰীয় চৰকাৰৰ হৈ অধিবক্তা মনীষ মোহনে দিল্লী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কয় যে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে ‘বন্দে মাতৰম’ সন্দৰ্ভত বিতৰ্কত যাবলৈ অস্বীকাৰ কৰিছিল। উচ্চ ন্যায়ালয়ত ‘বন্দে মাতৰম’ গানগোৱাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ বাবেও আবেদন কৰা হৈছিল। পূৰ্বে উচ্চ ন্যায়ালয়েও ইয়াক খাৰিজ কৰিছিল ।
ফলস্বৰূপে, যেতিয়া এই দুটা গানৰ ভাৰতত এক নিৰ্দিষ্ট স্থিতি থাকে, কেন্দ্ৰীয় চৰকাৰে অনুভৱ কৰে যে পুনৰ প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই। কেন্দ্ৰই অৱশ্যে কয় যে এই সন্দৰ্ভত আদালতে প্ৰদান কৰা যিকোনো আদেশ গ্ৰহণ কৰিব।