ডিজিটেল ডেস্ক, ANEWS24X7: এতিয়া ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই দাম। এটা ৰাতিৰ ভিতৰতে বৃদ্ধি পালে বহুকেইবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। এটা মাহতে কেইবাবাৰো মূল্যবৃদ্ধি হোৱাৰ ফলত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ।
দাইল, আটা, চেনি ,মিঠাতেলৰ লগতে সমান্তৰালকৈ বৃদ্ধি পাইছে বহুকেইবিধ সামগ্ৰীৰ দাম। প্ৰতিকেজি মচুৰ-মগু দাইলত বৃদ্ধি পাইছে ৮ টকাকৈ। প্ৰতিলিটাৰ মিঠাতেলত বৃদ্ধি পাইছে ৮ ৰ পৰা ১০ টকাকৈ। প্ৰতিকেজি আটাত বৃদ্ধি পাইছে ৪ টকাকৈ আৰু প্ৰতিকেজি চেনিত বৃদ্ধি পাইছে দুটকাকৈ ৷
ইয়াৰ ফলত সাধাৰণ জনতাৰ পাকঘৰত বাৰুকৈ প্ৰভাৱ পৰিছে ৷