ডিজিটেল ডেস্ক, ANEWS24X7: টুইটাৰ ব্যৱহাৰকাৰী সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৷ স্থগিত ৰখোৱা হৈছে টুইটাৰৰ ব্লু টিকৰ ছাবস্ক্ৰীপশ্যন ৷
ব্লু টিক ছাবস্ক্ৰীপশ্যনৰ ফলত টুইটাৰত বৃদ্ধি পাইছে ভুৱা একাউন্টৰ সংখ্যা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ব্লু টিক ছাবস্ক্ৰীপশ্যন সাময়িক বাবে স্থগিত ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টুইটাৰ কৰ্তৃপক্ষয় ৷ অতি শীঘ্ৰে এই সেৱা পুনৰ মুকলি কৰা হ’ব বুলি ধাৰণা কৰা হৈছে ৷
এই সন্দৰ্ভত টুইটাৰে কয় যে,‘‘ব্লু টিক ছাবস্ক্ৰীপশ্যন সেৱাটো বন্ধ কৰি দিয়া হৈছে ৷ এই পদক্ষেপটো মুখ্যতঃ ভুৱা একাউণ্ট প্ৰতিৰোধ কৰিবলৈ লোৱা হৈছে। এই সেৱা সোনকালেই আৰম্ভ কৰা হ’ব।’’